July 29, 2026 8:18 PM | CWG 2026

printer

কমনরেল্থ গেমছৰ বক্সিঙত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত প্ৰৱেশ

গ্লাচগাত অনুষ্ঠিত কমনরেল্থ গেমছৰ বক্সিঙত আজি মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটলীন ফ্রায়াৰ্ছক ৫-০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। সাক্ষী- লাভলীনা বৰগোহাই, প্রীতি পাৱাৰ, প্রিয়া ঘনঘাছ আৰু যদুমণি সিঙৰ পাছত এইবাৰৰ কমলৱেল্ গেমছত দেশৰ হকে পদক নিশ্চিত কৰা পঞ্চমগৰাকী ভাৰতীয় বক্সাৰ। ইয়াৰ পূৰ্বে গুলবীৰ সিঙে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অর্জন কৰি ইতিহাস ৰচনা কৰে। গুলবীৰ এই শিতানত পদক অর্জন কৰা দেশৰ প্রথমগৰাকী এথলীট। একেদৰে হৰজিন্দৰ কৌৰে মহিলাৰ ভাৰোত্তোলনৰ ৬৯ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক লাভ কৰে। খেলুৱৈগৰাকীয়ে সামগ্রিকভাবে ২২৭ কিলোগ্রাম ভাৰ উত্তোলন কৰি এই কৃতীত্ব লাভ কৰে। ইয়াকে লৈ ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে ২ টা সোণ, ৭ টা ৰূপ আৰু ৩ টা ব্রঞ্জসহ মুঠ ১২ টা পদক অর্জন কৰিছে।