খেল

June 11, 2026 11:48 AM

views 38

আজিৰেপৰা ১৯ জুলাইলৈ মুঠ ১৬ টা স্থানত বিশ্বকাপ ফুটবল প্রতিযোগিতা

বিশ্বকাপ ফুটবল প্রতিযোগিতা আজিৰেপৰা ১৯ জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিক’ৰ ১৬ টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথম বাৰৰ বাবে ৩২ খন দেশৰ পৰিৱৰ্তে ৪৮ খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক ১২ টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল থাকিব। প্ৰত...

June 10, 2026 8:02 PM

views 35

পি ভি সিন্ধু আৰু তনভী শৰ্মা অস্ট্রেলিয়ান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু আৰু তনভী শৰ্মাই ছিডনীত অনুষ্ঠিত অস্ট্রেলিয়ান অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধুয়ে আজি প্ৰথম ৰাউণ্ডৰ এখন খেলত পেৰুৰ ইনেছ কেষ্টিলোক ২১-১৩, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত...

June 10, 2026 6:56 PM

views 25

বিশ্ব যোগাসন চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা আদৃত কাশ্যপক যোৰহাটত আদৰণি

গুজৰাটৰ ট্ৰান্স ষ্টেডিয়ামত যোৱা ৪ জুনৰ পৰা অনুষ্ঠিত প্রথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ ১৪ বছৰ অনুর্ধ শাখাত সোণৰ পদক অৰ্জন কৰা আদৃত কাশ্যপক আজি যোৰহাটত আদৰণি জনোৱা হয়। মৰিয়নীৰ প্ৰতিভাৱান কিশোৰ আদৃত কাশ্যপে প্রথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত স্বর্ণ পদক লাভ কৰি অসম তথা যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আন...

June 10, 2026 2:36 PM

views 37

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা ২১ জুনত শৃংখলাটোৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। শৃংখলাটোৰ আটাইকেইখন খেলেই ডাম্বুলাত খেলোৱা হ'ব। ভাৰতৰ পুৰুষৰ-এ দলটোৱে প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত ...

June 10, 2026 12:52 PM

views 33

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্রহণ কৰে। প্ৰতিযোগিতাত ১৬ খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

June 9, 2026 12:15 PM

views 26

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক ভাৰতৰ ২৬ ৰানত পৰাস্ত

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক ২৬ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালিয়ে ৪০ টা বলত ৫৬ ৰান কৰি আউট ন...

June 8, 2026 6:55 PM

views 37

নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক ১ ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত

ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক এক ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত ৩৫ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১২ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে ১৫২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইন...

June 8, 2026 12:40 PM

views 31

প্ৰথমবাৰৰ বাবে আলেকজেণ্ডাৰ জেবেৰেভৰ গ্রেণ্ড শ্লেমৰ খিতাপ দখল

জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্রেও শ্লেমৰ খিতাপ দখল কৰে। ৰোলেণ্ড গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেবিঅ' ক’ব’লিক ৫ ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বিশ্বৰ তৃতীয় নম্বৰ খেলুৱৈ আলেকজেণ্ডাৰে ফিলিপ চেত্ৰিয়েৰ কোৰ্টত অনুষ্ঠিত ৪ ঘণ্টা ২০ মিনিটৰ খেলখনত তেওঁৰ প্ৰতিদ...

June 8, 2026 12:11 PM

views 38

ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা ১১৩ ৰানৰ পৰা আজিৰ খেল আৰম্ভ

ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্রথম দিনাৰ অন্তত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১১৩ ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ ৪৫১ ৰানত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰ...

June 7, 2026 7:54 PM

views 29

২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখলৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাডগাঁৱত অনুষ্ঠিত এই প্রতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক ৩-১ গ'...