গ্লাছগ’ত কাইলৈৰ পৰা হ’বলগীয়া কমনৱেল্থ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে।
এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ’ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা তিনি তাৰকা খেলুৱৈ হ’ল- অলিম্পিক পদক বিজয়ী নীজ চোপ্ৰা, মীৰাবাঈ চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই।
লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিচা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেল্থ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছে।