পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগত অনুষ্ঠিত হ’বলগীয়া কমলৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ’ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব।
ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে। মুঠ ৩২ জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত ১৪ জনকৈ তথা ভাৰোত্তোলনত ১২ জন খেলুৱৈ আছে।
দলত থকা তিনি তাৰকা খেলুৱৈ হ’ল- অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বর্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিচা দাসে স্থান লাভ কৰিছে।
উল্লেখযোগ্য যে, পৰহিলৈ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলক জাতীয় পতাকা আৰু বেটন শিখা লৈ লাভলীনা আৰু মীৰাবায়ে নেতৃত্ব দিব।