July 21, 2026 7:50 PM | Tennis

printer

আটা-কিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিৰ দ্বিমুকুট লাভ

গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্রথম আটা-কিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিয়ে দ্বিমুকুট লাভ কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ একক শাখাত বিজয়ীৰ খিতাপ দখল কৰে।

সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে টি পি এলৰ সহযোগত আয়োজন কৰা ৰেচ টু গ’ল্ড শীৰ্ষক প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ ১০, ১২ আৰু ১৪ বছৰ অনূর্ধ তিনিটা শাখাত খেল অনুষ্ঠিত হয়। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নুমলীগড়, শিলচৰ আৰু গুৱাহাটীৰ মুঠ ১১৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।