গ্লাছগ’ত পৰহিলৈ হ’বলগীয়া কমনৱেল্থ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৬ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ’ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা তিনি তাৰকা খেলুৱৈ হ’ল- অলিম্পিক পদক
বিজয়ী নীজ চোপ্ৰা, মীৰাবাঈ চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিচা দাসে স্থান লাভ কৰিছে।