লণ্ডনৰ ল’উছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক ২৭ ৰানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাত জয়লাভ কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৩ উইকেটৰ বিনিময়ত ৩৮৭ ৰান সংগ্ৰহ কৰে।
দলৰ হৈ বেন ডাকেটে সৰ্বাধিক ১৪১ ৰান কৰাৰ বিপৰীতে জেকব বেথেলে ৯১ আৰু জ’ ৰুটে ৭৪ ৰান কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই দুটা আৰু প্রিন্স যাদৱে এটা উইকেট লাভ কৰে।
প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৬০ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰোহিত শৰ্মাই সৰ্বাধিক ১৩৮ ৰান কৰাৰ লগতে শুভমন গিলে ৭৭ আৰু বিৰাট কোহলীয়ে ৭৪ ৰান কৰে যদিও দলটোক জয়ী কৰাত ব্যৰ্থ হয়। ইংলেণ্ডৰ হৈ ছেম কুৰানে চাৰিটা উইকেট লাভ কৰে । জেকব বেথেলক প্লেয়াৰ অৱ দা মেচ আৰু জ’ ৰুটক প্লেয়াৰ অৱ ছিৰিজ ঘোষণা কৰা হয়।