July 20, 2026 10:30 AM

views 24

লণ্ডনৰ ল’উছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভাৰতক ২৭ ৰানত পৰাস্ত কৰি ইংলেণ্ডৰ শৃংখলা জয়

লণ্ডনৰ ল’উছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক ২৭ ৰানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাত জয়লাভ কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৩ উইকেটৰ বিনিময়ত ৩৮৭ ৰান সংগ্ৰহ কৰে।  দলৰ হৈ বেন ডাকেটে সৰ্বাধিক ১৪১ ৰান কৰাৰ বিপৰীতে জেকব বেথেলে ৯১ আৰু জ’ ৰুটে ৭৪ ৰান কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই দুটা আৰু প্রিন্স যাদৱে এটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৬০ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰোহিত শৰ্মাই সৰ্বাধিক ১৩৮ ৰান কৰাৰ লগতে শু...