FIH Youth Hockey-5-s এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ওমানৰ মাস্কটত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় ছাব-জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় দলেই নিজৰ প্ৰথমখন খেলত জয়লাভ কৰে।
মহিলাৰ দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত কালি কাজাখাস্তানক ৮-৩ গ’লত পৰাজিত কৰে। ভাৰতৰ দিয়াই হেটট্ৰিক কৰাৰ উপৰি সন্দীপা কুমাৰী আৰু নুছিন নাজে দুটাকৈ আৰু নীলম টপ্নই এটা গ’ল দিয়ে।
আনহাতে, পুৰুষ দলটোৱে নিজৰ প্ৰথমখন খেলত বাংলাদেশক ৭-৩ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাত শক্তিশালী আৰম্ভণি কৰে ।
উল্লেখযোগ্য যে, এই প্ৰতিযোগিতা প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া FIH Youth Hockey-5-s বিশ্বকাপৰ এছিয়ান কোৱালিফায়াৰ হিচাপেও গণ্য কৰা হৈছে।