গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ ৫৭ফাইনেলত ভাৰতৰ শর্মিলা ধনকাৰে দেশলৈ দ্বিতীয়টো স্বর্ণ পদক কঢ়িয়াই আনিছে। এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত ২টা সোণ, ৫ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা ১০ টা হৈছেগৈ।
৯.৮১ মিটাৰত ছিজনৰ শ্ৰেষ্ঠ থ্র’ৰে শর্মিলাই পেৰা এথলেটিকছত ভাৰতৰ প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী হিচাপেও ইতিহাস ৰচনা কৰে। একেটা ইভেন্টতে শিল্পা কে শাইলাক ব্ৰঞ্জৰ পদক লাভ কৰে।
ভাৰোত্তোলনত বন্ধুৰি অজয়া বাবুৱে উল্লেখযোগ্য প্রদর্শন আগবঢ়াই পুৰুষৰ ৭৯ কেজি শাখাত ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে জ্ঞানেশ্বৰী যাদৱে মহিলাৰ ৫৩ কেজি ওজন শাখাত মুঠ ১৯৯ কিলোগ্রাম, স্নেচত ৮৮ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১১১ কিলোগ্রাম উত্তোলনেৰে ৰূপৰ পদক লাভকৰে। নাইজেৰিয়াৰ অনোমে ওমোলোলা দিডিহে ২০৬ কিলোগ্রাম উত্তোলন কৰি সোণৰ পদক দখল কৰে।
মহিলাৰ ৫৮ কেজি ওজন শাখাত বিন্দ্যাৰাণী দেৱীয়ে মুঠ ১৯৯ কিলোগ্রাম, স্নেচত ৮৭কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১১২ কিলোগ্রাম উত্তোলনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
নাইজেৰিয়াৰ ৰাফিয়াটু ফ’লাশ্বেডে গেমছত ২২৯ কিলোগ্রামৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰাৰ বিপৰীতে কানাডাৰ এন ছফী টাশ্বেৰ’ৱে ২১৫ কিলোগ্রামত ৰূপৰ পদক লাভকৰে। এথলেটিকছত সর্বেশ অনিল কুশৰে পুৰুষৰ হাই জাম্পত দ্বিতীয় স্থান দখল কৰি আৰু এটা ৰূপৰ পদক সংযোজন কৰে।
ইয়াৰ পূৰ্বে মীৰাবাই চানুৱে ২০১৮, ২০২২ আৰু ২০২৬ চনত জয়লাভ কৰি একেৰাহে তিনিবাৰকৈ কমনৱেলথ গেমছ চেম্পিয়ন হোৱাৰ পাছত মুঠ ১৯০ কিলোগ্রাম ভাৰোত্তলনেৰে মহিলাৰ ৪৮ কেজি ওজন শাখাত সোণৰ পদক দখল কৰে।
বক্সিংত ভাৰতৰ শচীন ছিৱাচ (৬০ কেজি), অংকুশ পাংঘল (৮০ কেজি) আৰু সাক্ষী চৌধাৰী (৫১ কেজি) এ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি আৰু এটা পদক লাভৰ নিশ্চিত অগ্রগতি লাভ কৰিছে।