অসম টেবল টেনিছ সন্থাৰ অধীনত আৰু নগাঁও ক্রীড়া সংস্থাৰ সৌজন্যত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ত্রৈলোক্য নাথ ইউ টি টি সপ্তদশ সদৌ অসম মেজৰ ৰেংকিং টেবল টেনিছ চেম্পিয়নশ্বিপ, ২০২৬ অনুষ্ঠিত হৈছে। কালি বিয়লি নগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শর্মাই প্রতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে।
টেবল টেনিছ সন্থাৰ উপ-সভাপতি প্রশান্ত কুমাৰ দত্তই সন্থাৰ পতাকা কৰে। ইয়াৰ পাছতে জিলা আয়ুক্তই প্রয়াত ত্রৈলোক্য নাথৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰি ক্ৰীড়ানুৰাগীজনাৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰে।
এই প্রতিযোগিতাত ১১ বছৰ অনুর্ধ খেলুৱৈসকলে জুনিয়ৰ আৰু ইয়াৰ ঊৰ্ধৰ খেলুৱৈসকলে ছিনিয়ৰ শাখাত অংশ ল’ব পাৰিব। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৩৭০ গৰাকীৰো অধিক খেলুৱৈয়ে এই প্রতিযোগিতাত অংশগ্রহণ কৰিছে।