July 29, 2026 10:06 PM | Commonwealth

printer

কমনৱেলথ গেমছৰ বক্সিঙত মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত

গ্লাচগ’ত অনুষ্ঠিত কমনৱেলথ গেমছৰ বক্সিঙত আজি মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটলীন ফ্ৰায়াৰ্ছক ৫-০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। 

সাক্ষী- লাভলীনা বৰগোহাই, প্ৰীতি পাৱাৰ, প্ৰিয়া ঘনঘাছ আৰু যদুমণি সিঙৰ পাছত এইবাৰৰ কমলৱেল্‌ছ গেমছত দেশৰ হকে পদক নিশ্চিত কৰা পঞ্চমগৰাকী ভাৰতীয় বক্সাৰ। ইয়াৰ পূৰ্বে গুলবীৰ সিঙে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। গুলবীৰ এই শিতানত পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী এথলীট। 

একেদৰে হৰজিন্দৰ কৌৰে মহিলাৰ ভাৰোত্তোলনৰ ৬৯ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক লাভ কৰে৷ খেলুৱৈগৰাকীয়ে সামগ্রিকভাৱে ২২৭ কিলোগ্রাম ভাৰ উত্তোলন কৰি এই কৃতীত্ব লাভ কৰে। ইয়াকে লৈ ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে ২ টা সোণ, ৭ টা ৰূপ আৰু ৩ টা ব্রঞ্জসহ মুঠ ১২ টা পদক অর্জন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।