আঞ্চলিক সংবাদ

June 23, 2026 9:51 PM

views 13

ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী অতুল বৰাৰ

ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আ...

June 23, 2026 9:50 PM

views 10

গুৱাহাটীৰ কৰ ভৱনত পিআইবি, গুৱাহাটী আৰু এছবিআইৰ উদ্যোগত ‘বাৰ্তালাপ’ শীৰ্ষক কর্মশালা

গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সৱলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত ১২ বছৰৰ বিশ্বাস, বিকাশ আৰু জন-কলাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো ক...

June 23, 2026 9:46 PM

views 18

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি...

June 23, 2026 9:44 PM

views 9

কুমাৰ ভাস্কৰ বাৰ্মা উৰণ সেতুত জন্মদিন পালনৰ অভিযোগত ব্যৱসায়ী গৌতম বৰুৱাসহ ১৪জন লোকক আটক

ভৰলুমুখ আৰক্ষীয়ে আজি যান-বাহনৰ নীতি-নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বাৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত ১৪জন লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে চাৰিখন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলোমাই ৰেড কার্পেট পাৰি পত্নীৰ জন্...

June 23, 2026 9:42 PM

views 9

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি, এই পৰীক্ষাত ৫২ দশমিক ৬-৩ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ ৬৫ হাজাৰ ৫১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ হাজাৰ ৯৩১ গৰাকী উত্তীৰ্ণ হৈছে। ৮৭৬ গৰাকীয়ে প্ৰথম বিভাগ, ১৭...

June 23, 2026 9:40 PM

views 12

শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা ২৯ হাজাৰ ২০০ টা টেবলেটৰ বজাৰ মূল্য আনুমানিক ২ কোটি ৯০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভি...

June 23, 2026 9:36 PM

views 22

ৰাজ্যত জনগণনা ২০২৭ৰ পূৰ্ণগতিত প্রস্তুতি বিভিন্ন জিলা প্ৰশাসনৰ

জনগণনা ২০২৭ৰ বাবে বিভিন্ন জিলা প্রশাসনে পূর্ণগতিত প্রস্তুতি চলাইছে। গোৱালপাৰা জিলা প্রশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা তিনি-দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালযয়ত আজিৰে পৰা ক্...

June 23, 2026 9:34 PM

views 8

শোণিতপুৰ জিলাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি

শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ‍ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্রণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশ ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ ৬৪ দশমিক ১-১ মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰত ৭২ দশমিক ৩-৭ মিট...

June 23, 2026 9:32 PM

views 10

পাঠশালাত শ্মশান বন্ধু নামৰ সমাজসেৱা সংগঠন গঠন

পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজ সেৱা সংগঠন গঠন কৰা হয়। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়...

June 23, 2026 9:10 PM

views 14

অসম মন্ত্ৰীসভাৰ বৈঠকত হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। হোমষ্টেসমূহে তিনি বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা ৬ৰ পৰা ৮লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা প'ৰ্টেলত এই পঞ্জী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।