গুৱাহাটীৰ কৰ ভৱনত পিআইবি, গুৱাহাটী আৰু এছবিআইৰ উদ্যোগত ‘বাৰ্তালাপ’ শীৰ্ষক কর্মশালা

গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সৱলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।

বিগত ১২ বছৰৰ বিশ্বাস, বিকাশ আৰু জন-কলাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহা-প্ৰৱন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ড০ অভিজিত শৰ্মা আৰু এছ বি আইৰ মুখ্য মহা-প্ৰৱন্ধক অতুল ৰাথিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটিৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদিপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদ কৰ্মীসকলৰ বাবে স্বাস্থ্য শিৱিৰো মুকলি কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।