পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজ সেৱা সংগঠন গঠন কৰা হয়।
বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাগত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য।