June 23, 2026 9:34 PM | sonitpur river

printer

শোণিতপুৰ জিলাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি

শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ‍ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্রণ কক্ষই প্ৰকাশ কৰিছে।

আজি পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশ ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ ৬৪ দশমিক ১-১ মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰত ৭২ দশমিক ৩-৭ মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ ৬৮ দশমিক ৩-০ মিটাৰলৈ বৃদ্ধি হৈছে।

একেদৰে বেলশিৰি, ডিপোটা, পাঁচনৈ আৰু জৰাসৰ নদীৰ জলস্তৰো বৃদ্ধি হৈ আছে। আনহাতে ঘিলাধাৰী নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে। তেজপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত দৈনিক ১ দশমিক ৭-০ মিলিমিটাৰ বৰষুণ হৈছে। জলসম্পদ বিভাগে পৰিস্থিতিত নজৰ ৰখাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক কৰি দিছে।