June 23, 2026 9:34 PM

views 4

শোণিতপুৰ জিলাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি

শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ‍ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্রণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশ ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ ৬৪ দশমিক ১-১ মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰত ৭২ দশমিক ৩-৭ মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ ৬৮ দশমিক ৩-০ মিটাৰলৈ বৃদ্ধি হৈছে। একেদৰে বেলশিৰি, ডিপোটা, পাঁচনৈ আৰু জৰাসৰ নদীৰ জলস্তৰো বৃদ্ধি হৈ আছে। আনহাতে ঘিলাধাৰী নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে। ত...