June 23, 2026 9:51 PM | Atul Bora Meeting

printer

ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী অতুল বৰাৰ

ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু ১০০ দিনীয়া কাৰ্য্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়।

ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিছাৰ পথ, মহিলাৰ নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পেভাৰ ব্লক পথ নির্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত অসমে শেহতীয়াকৈ ২২ লাখ গৃহ নির্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়।

এই আঁচনিখনৰ ভৱিষ্যত পৰিকল্পনা সম্পর্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজৰো মন্ত্ৰীগৰাকীয়ে পৰ্য্যালোচনা কৰে। ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আৱণ্টন, খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।