June 23, 2026 9:44 PM | birthday arrest

printer

কুমাৰ ভাস্কৰ বাৰ্মা উৰণ সেতুত জন্মদিন পালনৰ অভিযোগত ব্যৱসায়ী গৌতম বৰুৱাসহ ১৪জন লোকক আটক

ভৰলুমুখ আৰক্ষীয়ে আজি যান-বাহনৰ নীতি-নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বাৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত ১৪জন লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে চাৰিখন বাহনো জব্দ কৰে।

উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলোমাই ৰেড কার্পেট পাৰি পত্নীৰ জন্মদিন পালন কৰিছিল। নীতিবহির্ভুতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে।

এই গোচৰ ভিত্তিতে আৰক্ষীয়ে আজি পত্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা ১৪জন লোকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।