কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা ২৯ হাজাৰ ২০০ টা টেবলেটৰ বজাৰ মূল্য আনুমানিক ২ কোটি ৯০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে।