June 23, 2026 9:40 PM

views 1

শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা ২৯ হাজাৰ ২০০ টা টেবলেটৰ বজাৰ মূল্য আনুমানিক ২ কোটি ৯০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে।

July 29, 2025 7:16 PM

views 35

শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্রীসহ ৩৮ জন লোকক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্রীসহ ৩৮ জন চুৰি কাৰ্যৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰে। অভিযানত বুজন পৰিমাণৰ সোণৰ গহনা, ৩ খন মটৰচাইকেল, দুখন চাইকেল, এলুমিনিয়ামৰ তাঁৰ, ঘৰুৱা সামগ্ৰী, বেটাৰী, হাতঘড়ী, স্মার্টফোন আদি সামগ্ৰী উদ্ধাৰ হোৱা বুলি উল্লেখ কৰি শিলচৰ সদৰ আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাট্টাই কয়, যে একোজনকৈ সহ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পাঁচটা বিশেষ দল গঠন কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা অধিকাংশ চোৰেই মাদক দ্ৰব্যৰ দ্বাৰা আসক্ত বুলি তেওঁ জানিবলৈ দিয়ে। চুৰি কাৰ্যৰ ...