হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি, এই পৰীক্ষাত ৫২ দশমিক ৬-৩ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

পৰীক্ষাত অৱতীৰ্ণ ৬৫ হাজাৰ ৫১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ হাজাৰ ৯৩১ গৰাকী উত্তীৰ্ণ হৈছে। ৮৭৬ গৰাকীয়ে প্ৰথম বিভাগ, ১৭ হাজাৰ ৭৯৭ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৪ হাজাৰ ২৫৮ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে।

উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ প’ৰ্টেল মুকলি কৰা হ’ব বুলি পৰিষদে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।