আঞ্চলিক সংবাদ

September 13, 2026 11:16 AM

views 9

মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ৪০টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ

মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ৪০ টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নির্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ...

September 13, 2026 11:08 AM

views 13

ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্রশংসা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্রকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰসকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক...

September 13, 2026 10:42 AM

views 13

ব্রীকচ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী ২০ বছৰৰ বাবে নতুন আৰু অভিলাসী কার্যসূচী সন্দৰ্ভত কাম কৰা উচিত বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্রই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্রদর্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্রস্তাবসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়ি...

September 12, 2026 5:54 PM

views 5

ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাব তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডি...

September 12, 2026 5:46 PM

views 6

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। ডিব্ৰুগড় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পশু কল্যাণমূলক বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে এই অভিযান সম্পন্ন কৰে। উল্লেখযোগ্য যে পূৰ্বেও ৭০ টাৰো অধিক কুকুৰক টিকাকৰণ কৰাৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয় চ...

September 12, 2026 5:38 PM

views 8

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা বিজেপিৰ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শর্মাই কেইদিনমান পূর্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ ...

September 12, 2026 4:27 PM

views 3

আজি নিশা ৮ বাজি ২ মিনিটত ‘জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা’ বিষয়ক আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা’ বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্র কাজল শ‍ইকীয়া আৰু আকাশবাণীৰ ঘো...

September 12, 2026 4:23 PM

views 4

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মান...

September 12, 2026 4:15 PM

views 8

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ'ব। উপ-নিৰ্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন ইতিমধ্য...

September 12, 2026 3:49 PM

views 41

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।