আঞ্চলিক সংবাদ

October 3, 2026 4:42 PM

views 7

প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন

গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা...

October 3, 2026 12:50 PM

views 19

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত আছে। আজি প্রবাসী অসমীয়া ৰূপকমল কলিতাই ফাষ্টট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰি আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন...

October 3, 2026 12:48 PM

views 20

প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী...

October 3, 2026 11:56 AM

views 12

আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত আজি পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্রামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° দীপম পাটোৱাৰীয়ে। অনুষ্ঠানট...

October 3, 2026 11:50 AM

views 20

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পুনৰ পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে। ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আজি ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰীও আৰম্ভ হৈছে। পুৱা চাৰে ৭ বজাৰ পৰা ১০ বজালৈ আৰু দিনৰ ডেৰ বজাৰ পৰা ৩ বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰেই এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদ...

October 3, 2026 11:45 AM

views 5

বন অধিকাৰ আইন ২০০৬ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ হিতাধিকাৰীসকলক ভূমিস্বত্ব পত্র প্রদান

বন অধিকাৰ আইন ২০০৬ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ যোগ্য হিতাধিকাৰীসকলক কালি ভূমিস্বত্ব পত্র প্রদান কৰা হয়। বিশ্বনাথ জিলাত শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ ৯৭ গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰে। ইয়াৰ ভিতৰত গহপুৰ মহকুমাৰ ৫০ টা আৰু বিশ্বনাথ মহকুমাৰ ৪৭টা পৰিয়াল আছে। গহপু...

October 3, 2026 11:33 AM

views 10

নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্রার্থী দেৱাশীষ শৰ্মাৰ হ...

October 3, 2026 11:25 AM

views 17

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া পুৱা চাৰে সাত বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি চাৰি বজালৈ হ'বলগীয়া ভোটগ্ৰহণত ৪২ টা ৱাৰ্ডৰ বাবে মুঠ ১৩৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ'ব । বিজেপিৰ মনোনীত প্রার্থীয়ে ইতিমধ্যে দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতা...

October 3, 2026 11:22 AM

views 18

ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

দেশজুৰি কালিৰে পৰা ৮ অক্টোবৰলৈ ৰাষ্ট্ৰীয় বন্যপ্রাণী সপ্তাহ উপলক্ষে ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত ৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ কাৰ্যসূচী মুকলি কৰে। হস্তী পূজনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে বন্য...

October 3, 2026 11:07 AM

views 7

অহা ১০ বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্রকাশ

অহা ১০ বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব বুলি তেওঁ কয়। ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি কালি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসমত উৎপাদিত বাঁহে...