মহানগৰীৰ এখন হোটেলত ৫ জনকৈ লোকক গুলীয়াই হত্যা কৰা গোচৰত অভিযুক্ত ঘনকান্ত গগৈক আজি বিশেষ তদন্তকাৰী গোটে পুনৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাব। সাত দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিত তদন্তকাৰী গোটে অভিযুক্ত গগৈক আদালতত হাজিৰ কৰোৱাবলৈ প্ৰস্তুতি চলাইছে। উল্লেখযোগ্য যে, ৫ জনকৈ লোকক গুলীয়াই হত্যা কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ঘনকান্ত গগৈক যোৱা ২৭ অক্টোবৰত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল । ইয়াৰ পাছতে আদালতে অভিযুক্ত গগৈক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। সাত দিনৰ জিম্মাত থকা অৱস্থাত ইতিমধ্যে গঠন কৰা বিশেষ তদন্তকাৰী গোটে অভিযুক্ত ঘনকান্ত গগৈক গোচৰ সংক্ৰান্তত জেৰা কৰাৰ লগতে ঘটনা সংঘটিত হোৱা হোটেলখনলৈ নি অপৰাধৰ ঘটনাৰ পুনৰ দৃশ্যায়ন কৰে। ইয়াৰ লগতে তদন্তকাৰী গোটে অভিযুক্ত গগৈৰ পত্নীকো ঘটনা সংক্রান্তত সোধাপোছা কৰে ।
ইপিনে পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰাৰ গোচৰৰ তন্তৰ মাজতে বদলি কৰা মধ্য গুৱাহাটীৰ উপ- আৰক্ষী আয়ুক্ত সম্ভাৱিক মিশ্ৰৰ স্থানত উপ-আৰক্ষী আয়ুক্ত হিচাপে মৃণাল ডেকাই কালি যোগদান কৰে।