November 3, 2026 11:04 AM | Skill development

printer

অসমত স্কীল ইণ্ডিয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয় তথা অসম চৰকাৰৰ মাজত স্কীল ইণ্ডিয়াৰ কেন্দ্ৰ স্থাপন সন্দৰ্ভত কালি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। সংশোধিত ব্যৱস্থাৰ অধীনত স্থাপন হ’বলগীয়া এই কেন্দ্ৰটোৱে ৰাজ্যৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ উদ্যোগত কালি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু আতিথ্য সেৱা দক্ষতা সন্মিলন ২০২৬ অনুষ্ঠিত হয়। এই সন্মিলনত ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমশীলতা তথা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীও উপস্থিত থাকে। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কৰ্মক্ষেত্ৰত প্ৰৱেশৰ সুযোগ সম্প্ৰসাৰণ আৰু বিশ্বজুৰি নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাই এই সন্মিলনৰ মূল লক্ষ্য। বিশেষকৈ পৰ্যটন আৰু আতিথ্য সেৱা খণ্ডৰ বৰ্ধিত চাহিদা, উদ্যোগৰ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় দক্ষতাৰ মানৰ সৈতে যুৱ শক্তিক নিযুক্ত কৰা বিষয়ত সন্মিলনখনত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব মানসী এছ ঠাকুৰে আদৰণি ভাষণ দিয়ে। আনহাতে সন্মিলনত দক্ষতা বিকাশৰ ক্ষেত্ৰত চৰকাৰ আৰু উদ্যোগ খণ্ডৰ সহযোগিতা অধিক সুসংহত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী দক্ষতা নিয়োগ যোগ্যতা ৰূপায়ণ আঁচনিৰ অধীনত বিশেষ ক্লাষ্টাৰ গঠনত ঘোষণা কৰা হয়। এই উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়, অসম চৰকাৰ, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, নুমলীগড় শোধনাগাৰ লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে সহযোগিতা আগবঢ়াব। অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।