অসম আৰু অৰুণাচল প্ৰদেশৰ বিবদমান অঞ্চল পৰিদৰ্শন কৰাৰ বাবে দুয়োখন ৰাজ্যই যুটীয়া সমিতি গঠন কৰাৰ সিদ্ধান্তত উপনীত হৈছে। অৰুণাচল প্ৰদেশৰ ৰয়িঙত সীমা বিবাদক লৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ বাবে সংশ্লিষ্ট জিলাসমূহৰ স্থানীয় বাসিন্দা, প্ৰশাসনিক বিষয়া আৰু জন প্রতিনিধিসকলক লৈ এই সমিতিখন গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰস্তাৱিত সমিতিখনে বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’ব। বিবাদ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে স্থানীয় বাসিন্দাসকলৰ মতামত লোৱাৰ লগতে চৰকাৰে যুটীয়া সমিতিখনৰ প্ৰতিবেদনো বিবেচনা কৰিব বুলি সভাত সিদ্ধান্ত লোৱা হয়।
উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যাসমূহৰ সমাধানৰ লগতে পাৰস্পৰিক সহযোগিতা, সমন্বয় আৰু সুসম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে গঠিত অসম-অৰুণাচল প্ৰদেশ আঞ্চলিক সমিতিৰ এই বৈঠকত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী তথা এই আঞ্চলিক সমিতিৰ উপাধ্যক্ষ ৰামেশ্বৰ তেলীৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী তথা আঞ্চলিক সমিতিৰ অধ্যক্ষ ওজিং টাছিঙে অংশগ্ৰহণ কৰে। বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ অন্তৰ্গত জনসাধাৰণৰ স্বাৰ্থ অধিকাৰ আৰু নিৰাপত্তাৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। পাৰস্পৰিক বুজাবুজি, আস্থা আৰু সহযোগিতাৰ আধাৰত সংশ্লিষ্ট সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰাৰ লগতে দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত প্ৰয়োজনীয় সমন্বয় অটুট ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।