July 7, 2026 6:19 PM

views 24

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত গুলীয়াগুলিৰ ঘটনা

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত কালি হোৱা গুলীয়াগুলিৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ ৩০ জন লোকে বনাঞ্চল ধ্বংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও ১৫ জাঁই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধ্বংস কার্য চলি আহিছে।

July 7, 2026 1:02 PM

views 26

জোনাইত লেকু নৈৰ খহনীয়াৰ বাবে পবাৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি

অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকু নৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যবান গছগছনি, নাৰ্ছাৰী নৈত জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূর্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকু নৈৰ সহনীয়াই অঞ্চলটোৰ যথেষ্ট ক্ষতি কৰি আহিছে। খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰস্তাৱিত বন্যপ্রাণী অভায়ৰণ্য, ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু ...

June 24, 2026 1:33 PM

views 31

অসম-অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত ভিন্ন অঞ্চলত ভূমিস্খলন

অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কৱলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম-অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।

October 22, 2025 12:16 PM

views 77

অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলিত এজন উগ্রপন্থী নিহত

● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক...

June 17, 2025 9:05 PM

views 93

অসম-অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সন্দৰ্ভত পঞ্চমলানি আলোচনা

অসম আৰু অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা পাৰস্পৰিক বুজা-পৰাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে আজি পঞ্চমলানি আলোচনাত মিলিত হয়। চুবুৰীয়া ৰাজ্য দুখনৰ সীমা সমস্যা নিষ্পত্তিকৰণৰ বাবে গঠিত ধেমাজি আৰু অৰুণাচল প্ৰদেশৰ পূব আৰু নামনি ছিয়াং জিলাৰ আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সমস্যা সমাধান হোৱাৰ পথ প্ৰশস্ত হৈছে বুলি বৈঠকখনৰ পাছত প্ৰকাশ কৰা হয়। ধেমাজি জিলাৰ গোগামুখৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত বৈঠকত অসম চৰকাৰৰ হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা,...