অসম-অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত ভিন্ন অঞ্চলত ভূমিস্খলন

অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কৱলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়।

বিশেষকৈ অসম-অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে।

তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।