অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকু নৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যবান গছগছনি, নাৰ্ছাৰী নৈত জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূর্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকু নৈৰ সহনীয়াই অঞ্চলটোৰ যথেষ্ট ক্ষতি কৰি আহিছে। খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰস্তাৱিত বন্যপ্রাণী অভায়ৰণ্য, ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু বনাঞ্চলৰ কাষৰীয়া গাওঁসমূহক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰক দাবী জনাইছে।
Assamese | July 7, 2026 1:02 PM | Assam-Arunachal
জোনাইত লেকু নৈৰ খহনীয়াৰ বাবে পবাৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি