অসম আৰু অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা পাৰস্পৰিক বুজা-পৰাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে আজি পঞ্চমলানি আলোচনাত মিলিত হয়। চুবুৰীয়া ৰাজ্য দুখনৰ সীমা সমস্যা নিষ্পত্তিকৰণৰ বাবে গঠিত ধেমাজি আৰু অৰুণাচল প্ৰদেশৰ পূব আৰু নামনি ছিয়াং জিলাৰ আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সমস্যা সমাধান হোৱাৰ পথ প্ৰশস্ত হৈছে বুলি বৈঠকখনৰ পাছত প্ৰকাশ কৰা হয়। ধেমাজি জিলাৰ গোগামুখৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত বৈঠকত অসম চৰকাৰৰ হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ হৈ মন্ত্ৰী কেণ্টো জিনি, বিধায়ক টোজিৰ কাড়ু, অৰুণাচল প্রদেশ বিধানসভাৰ উপাধ্যক্ষ কার্ডো লিগিঅ’ৰ আৰু উপায়ুক্ত তথা আঞ্চলিক সমিতিৰ সদস্য সচিব ৰজ্জুম ৰক্ষপে অংশগ্ৰহণ কৰে। দীঘলীয়া বৈঠকৰ অন্তত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সৰ্বসন্মত মীমাংসাত উপনীত হোৱা বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে।
Assamese | June 17, 2025 9:05 PM | Assam-Arunachal
অসম-অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সন্দৰ্ভত পঞ্চমলানি আলোচনা