অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত গুলীয়াগুলিৰ ঘটনা

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত কালি হোৱা গুলীয়াগুলিৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

কালি অৰুণাচলৰ ৩০ জন লোকে বনাঞ্চল ধ্বংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও ১৫ জাঁই গুলীচালনা কৰিছিল।

অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধ্বংস কার্য চলি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।