কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ২০২৬-২৭ পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে দেশী-বিদেশী পৰ্যটকৰ ব্যাপক আগমন ঘটিছে। চলিত পর্যটন বৰ্ষৰ অক্টোবৰত উদ্যানখনলৈ ২২ হাজাৰৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰে ৪০০ জন বিদেশী পৰ্যটক। পৰ্যটকৰ এই বর্ধিত উপস্থিতিয়ে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। পৰ্যটকৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কর্তৃপক্ষই সোনকালেই বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা গ্রহণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা পূব অসম বন্যপ্রাণী সংমণ্ডলৰ বন বিষয়া অৰুণ বিঘনেছে এই বিষয়ে জানিবলৈ দিয়ে। দুৰ্গাপূজাৰ সময়ত উদ্যানখনলৈ পৰ্যটকৰ আগমন যথেষ্ট বৃদ্ধি পোৱা বুলি তেওঁ জনায়। বুঢ়াপাহাৰ বনাঞ্চল মুকলি হ’লে পৰ্যটকৰ বাবে উদ্যানখনৰ বিস্তৃত অঞ্চল ভ্ৰমণৰ সুযোগ সৃষ্টি হোৱাৰ লগতে পৰ্যটন ব্যৱস্থাপনাত নতুন সংযোজন ঘটিব বুলি আশা কৰা হৈছে। ইফালে, যোৱা ১ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰি পুনৰ আৰম্ভ হৈছে।
Assamese | November 3, 2026 11:08 AM | KAZIRANGA NATIONAL PARK
২০২৬-২৭ পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পৰ্যটকৰ ব্যাপক আগমন