October 27, 2026 7:16 PM
অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই কাজিৰঙাত হাতী চাফাৰী আৰম্ভ
কাজিৰঙাত অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই হাতী চাফাৰী আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই প্রকাশ কৰা মতে ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কমেও ৪০ টা হাতী অনা হৈছে আৰু হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে। উদ্যানখনৰ বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে ছাফাৰি কৰাৰ বিপৰীতে কঁহৰা বনাঞ্চলত বিভাগীয় হাতীৰে ছাফাৰী কৰা হ'ব বুলিও উদ্যান কৰ্তৃপক্ষই প্রকাশ কৰিছে।