November 1, 2025 12:00 PM | KAZIRANGA NATIONAL PARK

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পুনৰ পৰ্যটকৰ বাবে হাতী ছাফাৰী আৰম্ভ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পুনৰ পৰ্যটকৰ বাবে হাতী ছাফাৰী আৰম্ভ হৈছে। পুৱা চাৰে ৫ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড০ সোণালী ঘোষে আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। আজি বাগৰি বনাঞ্চলত ১৩২ গৰাকী পর্যটকে ৩৩ টা হাতীৰে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে। কাইলৈ কহৰা বনাঞ্চলত জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰী পুনৰ আৰম্ভ কৰা হ’ব।