কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষাকালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই তৎপৰতা চলাইছে। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু জৰুৰী চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়খন সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। চিকিৎসালয়খনে এইক্ষেত্ৰত ১৯৬২ বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে পশুধন সাৰৰ্থী নামৰ এখন বিশেষ বাহনো সাজু কৰি ৰাখিছে। বানৰ সময়ত বিপদত পৰা বন্যপ্ৰাণী বা আন জীৱ-জন্তুৰ উদ্ধাৰৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে মুকলি কৰা পশুধন সাৰৰ্থীৰ বাহনত এজন পশু চিকিৎসককো নিয়োজিত কৰা হৈছে। কোনো জীৱ-জন্তু বিপদত পৰা দেখিলে ৰাইজে নিজে উদ্ধাৰৰ পৰিৱৰ্তে তৎক্ষণাত ১৯৬২ নম্বৰত ফোন কৰি বন বিভাগ অথবা পশু চিকিৎসা বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।
Assamese | June 11, 2026 1:02 PM | KAZIRANGA NATIONAL PARK
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষৰ তৎপৰতা