কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা এক নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হ’ব। ইতিমধ্যে হাতী ছাফাৰীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোহনীয়া হাতীসমূহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ অহা হৈছে। বিশেষকৈ উত্তৰ গুৱাহাটী, গোৱালপাৰা, ছিপাঝাৰ, মঙলদৈ আদি অঞ্চলৰ পৰা অনা হাতীসমূহ কলীয়াবৰৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উদ্যানখনলৈ অনা হৈছে।
Assamese | October 24, 2026 3:49 PM | Akashvani Guwahati | elephant safari | KAZIRANGA NATIONAL PARK
অহা ১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি