October 27, 2026 7:16 PM

অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই কাজিৰঙাত হাতী চাফাৰী আৰম্ভ

কাজিৰঙাত অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই হাতী চাফাৰী আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই প্রকাশ কৰা মতে ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কমেও ৪০ টা হাতী অনা হৈছে আৰু হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে। উদ্যানখনৰ বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে ছাফাৰি কৰাৰ বিপৰীতে কঁহৰা বনাঞ্চলত বিভাগীয় হাতীৰে ছাফাৰী কৰা হ'ব বুলিও উদ্যান কৰ্তৃপক্ষই প্রকাশ কৰিছে।

October 24, 2026 3:49 PM

views 4

অহা ১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা এক নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হ'ব। ইতিমধ্যে হাতী ছাফাৰীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোহনীয়া হাতীসমূহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ অহা হৈছে। বিশেষকৈ উত্তৰ গুৱাহাটী, গোৱালপাৰা, ছিপাঝাৰ, মঙলদৈ আদি অঞ্চলৰ পৰা অনা হাতীসমূহ কলীয়াবৰৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উদ্যানখনলৈ অনা হৈছে।