কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত যোৱা নিশা বন বিভাগ আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বোকাখাতৰ জিন্টু ওৰাং আৰু কাৰ্বি আংলঙৰ সৰ্বাং ৰংহাং নামৰ চোৰাং চিকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ পৰা দুটা হস্তনির্মিত বন্দুক আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰা হয়। দুয়োজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধনৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Assamese | June 11, 2026 1:04 PM | KAZIRANGA NATIONAL PARK
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ