May 20, 2025 1:09 PM
94
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে’লৈকে মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে'লৈকে মুকলি কৰি দিয়া হৈছে। পৰ্যটক আৰু জীপ চাফাৰী সন্থাৰ অনুৰোধমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে। উল্লেখযোগ্য যে প্রতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা কাজিৰঙাত জীপ চাফাৰী বন্ধ ঘোষণা কৰা হৈছিল। পৰ্যটকসকলে কাজিৰঙাৰ কঁহৰা, বাগৰি আৰু অগৰাতলীত জীপ ছাফাৰী কৰিব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই জাননী জাৰি কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বর্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্...