April 28, 2025 1:00 PM

views 50

সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত

সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। পৰিবহন, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কাম-কাজসমূহ পর্যৱেক্ষণ কৰাৰ উদ্দেশ্যে এই দলটো অসমৰ লগতে অৰুণাচল আৰু মেঘালয়লৈ আহে। দলটোৱে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে। সংসদীয় দলটোৰ অধ্যক্ষ ৰাজীৱ প্ৰসাদ ৰোডীয়ে প্ৰকাশ কৰা অনুসৰি অসম ভ্ৰমণৰ সময়ত ১৪ জনীয়া এই দলটোৱে অসমৰ পৰিবহন ব্যৱস্থাৰ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ কামকাজ আৰু ৰাজ্যৰ অসামৰিক বিমান বন্দৰসমূ...

April 23, 2025 1:09 PM

views 52

২০২৪-২৫ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৪-২৫ পৰ্যটন বৰ্ষত এতিয়ালৈকে ৪ লাখৰো অধিক দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰিছে। এই বৰ্ষটোত উদ্যানখনে ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। অহা ৩০ এপ্ৰিলত উদ্যানখনত হাতী ছাফাৰী বন্ধ হোৱাৰ লগতে ১৫ মেত উদ্যানখনৰ কঁহৰা বনাঞ্চলত পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

March 9, 2025 7:20 PM

views 39

বিশ্বনাথ জিলাৰ কাজিৰঙাৰ প’ল’কটা টাপুত বন বিভাগৰ এটা বাঘৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথ জিলাৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ প'ল'কটা টাপুত বন বিভাগে আজি এটা বাঘৰ মৃতদেহ উদ্ধাৰ কৰে। বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ ফেৰেংগাদাও কেম্পৰ বনকৰ্মীয়ে প্ৰথমে মৃত বাঘটো প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তী সময়ত পশু চিকিৎসকৰ দল উপস্থিত হৈ বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে। বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত এন টি চি এৰ গাইডলাইন অনুসৰি বন বিভাগে বাঘটোৰ মৃতদেহ দাহন কৰে। দুবছৰীয়া বাঘটো আন জন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি চিকিৎসকে সন্দেহ প্রকাশ কৰিছে। অৱশ্যে ফৰেনচিকৰ দলে পৰীক্ষা কৰাৰ পা...

February 9, 2025 11:51 AM

views 65

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে। উদ্যানখনৰ লাওখোৱা বুঢ়াচাপৰিৰ লগতে কেইবাটাও এলেকাত এই কাম সম্পন্ন হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে প্রকাশ কৰে। তেওঁ কয়, যে পশু-পক্ষীৰ বিচৰণৰ সুবিধাৰ্থে নিয়ন্ত্ৰিতভাৱে বনাঞ্চলৰ আংশিক দাহ কাৰ্য সম্পূৰ্ণ হোৱা এলেকাসমূহত কেমেৰা সংস্থাপন কৰা হৈছে। তেওঁ লগতে কয়, যে যোৱা বছৰ সংস্থাপন কৰা কেমেৰাৰ পৰা লাভ কৰা ৮ লাখ আলোকচিত্ৰৰ পৰা বাঘ গণনা প্রক্রিয়া চলি আছে। সঞ্চালকগৰাকীয়ে কয়, ...

February 3, 2025 6:58 PM

views 41

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আমবাৰী সংৰক্ষিত বনাঞ্চললৈ বিভিন্ন পক্ষীৰ আগমন হয়। এই বনাঞ্চল বিভিন্ন পক্ষীৰ সুৰক্ষিত আবাসভূমি হিচাপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনত পক্ষী পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্রহণ কৰিছে। উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চলখনত নিৰীক্ষণ চূড়াৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই পাণব...

January 15, 2025 7:46 PM

views 48

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ  কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। অগৰাতলীৰ চহলা বিলত বিভিন্ন পৰিভ্ৰমী পক্ষী দৰ্শন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত অগৰাতলীত পক্ষী মহোৎসৱ আয়োজনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। পক্ষীপ্ৰেমীসকলৰ কাৰণে ভূস্বৰ্গস্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বমুঠ ৫০০বিধ প্ৰজাতিৰ পক্ষী স্থায়ীভাৱে পোৱা যায়। এছীয় ধনেশ, উলুম'ৰাৰ দৰে বিৰল প্ৰজাতিৰ পক্ষীয়েও কাজিৰঙাক আৱাসস্থল হিচাপে গ্ৰহণ কৰে। ইয়াৰ উপৰি শীতকালত চাইবেৰিয়া, আলাস্কা, মানস সৰোবৰ ইত্যাদি ঠাইসমূহৰ পৰা পৰিভ্ৰমী প...

January 13, 2025 4:33 PM

views 66

আজি ভোগালী বিহুৰ উৰুকা

অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক ২ ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কর্তৃ...

January 11, 2025 7:20 PM

views 66

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। কাজিৰঙাৰ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠকত উপস্থিত থাকি পৰৱৰ্তী ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৫০ হাজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰা হ'ব বুলি তেওঁ সদৰি কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় জলপথৰ পাৰত বসবাস কৰি থকা লোকসকলৰ জীৱন-যাপনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দক্...

January 5, 2025 11:18 AM

views 51

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প এলেকাৰ পূব অসম বন্যপ্রাণী বন সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কার্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। কাজিৰঙাত হ'বলগীয়া এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে দাঁতিকাষৰীয়া বিদ্যালয়- মহাবিদ্য...

November 22, 2024 12:17 PM

views 40

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অনুষ্ঠিত হ'ব। পৰ্যটন মেলাৰ লগত সংগতি ৰাখি কেইবাখনো আলোচনাসত্ৰ আৰু বৈঠক অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্রীয় পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱট, কেন্দ্রীয় বন্দৰ জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু হস্ততাঁত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও বিশিষ্ট ব...