কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। ২০২৪-২৫ পৰ্যটন বৰ্ষত ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে প্ৰকাশ কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ ৩৫ শতাংশ পৰ্যটক বৃদ্ধি হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোৱা ১ মে’ত হাতী চাফাৰী বন্ধ কৰিছিল। হাতী চাফাৰী বন্ধ হোৱাৰ পাছত পৰ্যটকৰ বাবে উদ্যানখনত জীপ চাফাৰী উপলব্ধ আছিল।
Assamese | May 19, 2025 7:36 PM | Akashvani Guwahati | Kaziranga | KAZIRANGA NATIONAL PARK
চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাৰ তৃতীয় স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান