সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। পৰিবহন, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কাম-কাজসমূহ পর্যৱেক্ষণ কৰাৰ উদ্দেশ্যে এই দলটো অসমৰ লগতে অৰুণাচল আৰু মেঘালয়লৈ আহে। দলটোৱে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে। সংসদীয় দলটোৰ অধ্যক্ষ ৰাজীৱ প্ৰসাদ ৰোডীয়ে প্ৰকাশ কৰা অনুসৰি অসম ভ্ৰমণৰ সময়ত ১৪ জনীয়া এই দলটোৱে অসমৰ পৰিবহন ব্যৱস্থাৰ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ কামকাজ আৰু ৰাজ্যৰ অসামৰিক বিমান বন্দৰসমূহ পৰিদৰ্শন কৰিব। প্ৰতিনিদি দলটোৱে অসমৰ পাছতে মেঘালয়লৈ ৰাওনা হ’ব যদিও অৰুণাচলৰ ভ্ৰমণ বাতিল কৰা বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | April 28, 2025 1:00 PM | KAZIRANGA NATIONAL PARK
সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত