November 21, 2024 12:31 PM

views 58

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিড’ৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিড'ৰ অৰ্থাৎ‍ উদ্যানখনৰ ওপৰেৰে যোৱা পথৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে। কালি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গোৱাই আৰু কে বি বিশ্বনাথনৰ দ্বাৰা গঠিত এখন খণ্ড বিচাৰপীঠে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত প্ৰকল্পটোক অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। প্ৰস্তাৱিত ৩৪ কিলোমিটাৰ এলিভেটেড কৰিড'ৰটোক কাজিৰঙা ৰাষ্ট্ৰীয় ...

November 20, 2024 8:50 PM

views 67

২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ‘আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা’

অহা ২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ'ব। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ ১৮০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই পর্যটন মেলাত অংশগ্রহণ কৰি সংশ্লিষ্ট ৰাজ্যৰ হস্তশিল্প বিপণীৰ ব্যৱস্থা কৰিছে। আনহাতে, ৰাজ্যখনৰ পৰ্যটনথলীসমূহ পৰিদৰ্শনৰ বাবে প্ৰতিনিধিসকলক তিনটিা ভাগত বিভক্ত কৰি কাজিৰঙাৰ পৰা যাত্ৰা কৰাৰ সুবিধা প...

November 2, 2024 12:42 PM

views 54

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তী পূজাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো কালিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি দেশী-বিদেশী মুঠ ৩০ গৰাকী পর্যটক হাতী ছাফাৰী কৰে। উল্লেখযোগ্য যে, বন বিভাগে যোৱা ১ অক্টোবৰত...

November 1, 2024 12:51 PM

views 51

আজিৰে পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তি পূজাৰে পুৱা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি মুঠ ৩০ গৰাকী পর্যটকে হাতী ছাফাৰী কৰে। উল্লেখযোগ্য যে, যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উ...

October 16, 2024 6:35 PM

views 112

৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে কাজিৰঙাৰ এই স্থান দখলে পখিলাৰ বিভিন্ন প্ৰজাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা কৰে হৈছে। যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পখিলা সংৰক্ষণ সন্মিলন ২০২৪ৰ সময়ছোৱাত কাৰ্বি আংলং আৰু কাজিৰঙাৰ বিভিন্ন স্থানত বিশেষকৈ পানবাৰী সংৰক্ষিত বনাঞ্চলত মুঠ ৮৫ বিধ পখিলা প্ৰজাতিৰ পৰ্যবেক্ষণ কৰা হৈছিল । কাজিৰঙাত পখিল...

October 1, 2024 9:58 AM

views 62

আজি দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামতি কৰাৰ লগতে জীপ চালক সকলকো প্ৰশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কাৰ্যসূচী সমাপ্ত হৈছে। আজি উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি ব...

September 11, 2024 8:08 PM

views 50

কাজিৰঙাত বন শ্বহীদ দিৱস অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজি বন শ্বহীদ দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী সুৰক্ষাত নিয়োজিত হৈ প্ৰাণ আহুতি দিয়া ৫৬ গৰাকী বন শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, বন সুৰক্ষা বাবে প্ৰাণ আহুতি দিয়া বনকৰ্মীসকলৰ স্মৃতিত প্ৰতিবছৰে ১১ ছেপ্তেম্বৰ দিনটো বন শ্বহীদ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।

September 11, 2024 8:03 PM

views 65

অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পৰ্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ...

May 17, 2024 12:18 PM

views 60

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত কালি গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত গঁড়ৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰি থকা ব্যৱস্থা, বন বিভাগ আৰু আৰক্ষী সমন্বিত কার্যকলাপ তথা বন সুৰক্ষা বাহিনীৰ নিয়োগ আৰু সৱলীকৰণৰ লগতে চোৰাংচোৱাৰ নেটৱৰ্ক শক্তিশালী কৰাৰ বি...

May 13, 2024 7:03 PM

views 63

৩১ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ৩১ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। পূর্বে উদ্যান কর্তৃপক্ষই ১৫ মে'ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীপ চাফাৰী বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও পাছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে' পর্যন্ত এই সময়সীমা বৃদ্ধি কৰা হয়। ইতিমধ্যে যোৱা পহিলা মে'ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পর্যটন বৰ্ষটোত বৰ্তমানলৈকে ৩০ হাজ...