January 5, 2025 11:18 AM

views 65

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প এলেকাৰ পূব অসম বন্যপ্রাণী বন সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কার্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। কাজিৰঙাত হ'বলগীয়া এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে দাঁতিকাষৰীয়া বিদ্যালয়- মহাবিদ্য...

November 22, 2024 12:17 PM

views 56

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অনুষ্ঠিত হ'ব। পৰ্যটন মেলাৰ লগত সংগতি ৰাখি কেইবাখনো আলোচনাসত্ৰ আৰু বৈঠক অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্রীয় পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱট, কেন্দ্রীয় বন্দৰ জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু হস্ততাঁত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও বিশিষ্ট ব...

November 21, 2024 12:31 PM

views 60

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিড’ৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিড'ৰ অৰ্থাৎ‍ উদ্যানখনৰ ওপৰেৰে যোৱা পথৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে। কালি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গোৱাই আৰু কে বি বিশ্বনাথনৰ দ্বাৰা গঠিত এখন খণ্ড বিচাৰপীঠে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত প্ৰকল্পটোক অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। প্ৰস্তাৱিত ৩৪ কিলোমিটাৰ এলিভেটেড কৰিড'ৰটোক কাজিৰঙা ৰাষ্ট্ৰীয় ...

November 20, 2024 8:50 PM

views 68

২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ‘আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা’

অহা ২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ'ব। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ ১৮০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই পর্যটন মেলাত অংশগ্রহণ কৰি সংশ্লিষ্ট ৰাজ্যৰ হস্তশিল্প বিপণীৰ ব্যৱস্থা কৰিছে। আনহাতে, ৰাজ্যখনৰ পৰ্যটনথলীসমূহ পৰিদৰ্শনৰ বাবে প্ৰতিনিধিসকলক তিনটিা ভাগত বিভক্ত কৰি কাজিৰঙাৰ পৰা যাত্ৰা কৰাৰ সুবিধা প...

November 2, 2024 12:42 PM

views 57

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তী পূজাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো কালিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি দেশী-বিদেশী মুঠ ৩০ গৰাকী পর্যটক হাতী ছাফাৰী কৰে। উল্লেখযোগ্য যে, বন বিভাগে যোৱা ১ অক্টোবৰত...

November 1, 2024 12:51 PM

views 53

আজিৰে পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তি পূজাৰে পুৱা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি মুঠ ৩০ গৰাকী পর্যটকে হাতী ছাফাৰী কৰে। উল্লেখযোগ্য যে, যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উ...

October 16, 2024 6:35 PM

views 113

৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে কাজিৰঙাৰ এই স্থান দখলে পখিলাৰ বিভিন্ন প্ৰজাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা কৰে হৈছে। যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পখিলা সংৰক্ষণ সন্মিলন ২০২৪ৰ সময়ছোৱাত কাৰ্বি আংলং আৰু কাজিৰঙাৰ বিভিন্ন স্থানত বিশেষকৈ পানবাৰী সংৰক্ষিত বনাঞ্চলত মুঠ ৮৫ বিধ পখিলা প্ৰজাতিৰ পৰ্যবেক্ষণ কৰা হৈছিল । কাজিৰঙাত পখিল...

October 1, 2024 9:58 AM

views 63

আজি দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামতি কৰাৰ লগতে জীপ চালক সকলকো প্ৰশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কাৰ্যসূচী সমাপ্ত হৈছে। আজি উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি ব...

September 11, 2024 8:08 PM

views 54

কাজিৰঙাত বন শ্বহীদ দিৱস অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজি বন শ্বহীদ দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী সুৰক্ষাত নিয়োজিত হৈ প্ৰাণ আহুতি দিয়া ৫৬ গৰাকী বন শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, বন সুৰক্ষা বাবে প্ৰাণ আহুতি দিয়া বনকৰ্মীসকলৰ স্মৃতিত প্ৰতিবছৰে ১১ ছেপ্তেম্বৰ দিনটো বন শ্বহীদ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।

September 11, 2024 8:03 PM

views 68

অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পৰ্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ...