November 1, 2024 12:51 PM | KAZIRANGA NATIONAL PARK

printer

আজিৰে পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তি পূজাৰে পুৱা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি মুঠ ৩০ গৰাকী পর্যটকে হাতী ছাফাৰী কৰে। উল্লেখযোগ্য যে, যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগে জীপ চাফাৰী মুকলি কৰিছিল। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, অক্টোবৰ মাহত ২৮ হাজাৰ ৯৮০ গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী কৰে ।ইয়াৰে ভাৰতীয় পৰ্যটক ২৮ হাজাৰ ৪০১ গৰাকী আৰু বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ৫৭৯ গৰাকী। ইপিনে, ২০২৪-২৫ বৰ্ষৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প যোৱা ৩০ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। পশ্চিম অসম বন্যপ্রাণী বিভাগৰ বন সংৰক্ষক তথা নামেৰী ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ পৰিচালকে এই বিষয়ে জানিবলৈ দিয়ে।