প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই প্রধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু আজি তেওঁ চৰকাৰৰ মুৰবৰী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ২৫ বছৰীয়া কাৰ্যকাল দেশৰ গণতন্ত্ৰৰ শক্তিৰ সাক্ষী বুলি অভিহিত কৰে। তেওঁ কয় যে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা শ্ৰীমোদীয়ে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰাটো গণতন্ত্ৰৰ সজীৱতা আৰু পৰিপক্কতাৰ উদাহৰণ। শ্রীবৈষ্ণৱে লগতে কয় যে ২৫ বছৰ চৰকাৰৰ মুৰববী হিচাপে দায়িত্বভাৰ গ্ৰহণেৰে প্ৰধানমন্ত্রী মোদীয়ে গণতান্ত্রিক দেশৰ ভিতৰত ইতিহাস ৰচনা কৰিছে। তেওঁ কয়, যে বিশ্বত এনে বহু কম দেশ আছে, য’ত জনসাধাৰণে একেজন ব্যক্তিকে দীৰ্ঘদিনৰ বাবে সমৰ্থন আগবঢ়াইছে। প্রধানমন্ত্ৰী মোদীৰ কামৰ প্ৰতি স্পৃহা, সততা তথা স্পষ্ট চিন্তাধাৰাৰ বাবে জনসাধাৰণে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি শ্রীবৈষ্ণৱে উল্লেক কৰে।
শ্রীবৈষ্ণৱে লগতে মন্ত্ৰীসভাৰ প্ৰস্তাৱৰ ১০টা গুৰুত্বপূর্ণ বিষয়তো আলোকপাত কৰে। গুজৰাটৰ পৰা সমগ্ৰ দেশলৈ উন্নয়নৰ দৃষ্টিভংগীৰ সম্প্ৰসাৰণ শীৰ্ষক প্ৰথমটো বিষয়ত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাম আৰু নীতিৰ জৰিয়তে গুজৰাটত বহু পৰিৱৰ্তন সাধন কৰিছিল, যাৰ বাবে তেওঁক সমগ্ৰ বিশ্বতে সন্মান জনোৱা হৈছিল।