October 7, 2026 11:59 AM | Gujrat high court

printer

মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ন্যায় বিভাগে যোৱা সোমবাৰে জাৰি কৰা অধিসূচনা অনুসৰি ভাৰতীয় সংবিধানৰ ২২৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ পাঠকক এই দায়িত্ব প্ৰদান কৰে। গুজৰাট উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সুনীতা আগৰৱালক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰাৰ পাছতেই ন্যায়াধীশ পাঠকক এই নিযুক্তি দিয়া হয়। গুৱাহাটীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ মানস ৰঞ্জন পাঠকে প্রথমে অধিবক্তা হিচাপে কর্ম জীৱন আৰম্ভ কৰিছিল আৰু ২০১৩ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০২৫ চনত তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সেৱা আগবঢ়াইছিল। প্রায় তিনি দশকৰো অধিক সময় ন্যায়িক আৰু আইন সম্পৰ্কীয় অভিজ্ঞতাৰে সেৱা আগবঢ়োৱা মানস ৰঞ্জন পাঠকে অহা বৰ্ষত অৱসৰ গ্ৰহণ কৰিব।