শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৩২টা ৱাৰ্ডত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছে দুটা আৰু নির্দলীয় প্রার্থীয়ে ৬টা ৱাৰ্ডত জয়লাভ কৰে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ ৯ আৰু ২০ নম্বৰ ৱাৰ্ডত বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই জয়ৰ বাবে শিলচৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে শিলচৰৰ জনসাধাৰণে ভোটৰ জৰিয়তে বিজেপিৰ প্ৰতিটো জয়ৰ পাছতে ইভিএমক লৈ প্ৰশ্ন তোলা আৰু অজুহাত বিচৰা বিৰোধী পক্ষক উচিত প্ৰত্যুত্তৰ দিছে। ৰাজ্য চৰকাৰে শিলচৰক এখন সুন্দৰ, উন্নত আৰু আধুনিক চহৰ হিচাপে গঢ়ি তুলিবলৈ দুগুণ উৎসাহেৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে ।
Assamese | October 7, 2026 11:48 AM | silshar election
শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ সংখ্যাগৰিষ্ঠতা লাভ