October 7, 2026 12:04 PM | Cricket

printer

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতে আলহী দলটোক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৱেষ্ট ইণ্ডিজে ১৯ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ এছ ৰাডাৰফ’ৰ্ডে ৫৬ আৰু ছাই হ’পে ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ নমন ধিৰে তিনিটা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৪ অভাৰ আৰু ৪টা বলত দুটা উইকেটৰ বিনিময়ত অনায়াসে বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ শ্ৰেয়াছ আয়াৰে ৪৩টা বলত ১০২ ৰান কৰাৰ লগতে ঈষাণ কিষাণে ৩৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে শ্রেয়াছ আয়াৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় । শৃংখলাৰ দ্বিতীয়খন খেল অহা শুকুৰবাৰে ৰাঁচিত অনুষ্ঠিত হ’ব।