November 2, 2024 12:42 PM | KAZIRANGA NATIONAL PARK

printer

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তী পূজাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো কালিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি দেশী-বিদেশী মুঠ ৩০ গৰাকী পর্যটক হাতী ছাফাৰী কৰে। উল্লেখযোগ্য যে, বন বিভাগে যোৱা ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী মুকলি কৰিছিল। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, অক্টোবৰ মাহত ২৮ হাজাৰ ৯৮০ গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী কৰে। ইয়াৰে ভাৰতীয় পৰ্যটক ২৮ হাজাৰ ৪০১ গৰাকী আৰু বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ৫৭৯ গৰাকী।