কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আমবাৰী সংৰক্ষিত বনাঞ্চললৈ বিভিন্ন পক্ষীৰ আগমন হয়। এই বনাঞ্চল বিভিন্ন পক্ষীৰ সুৰক্ষিত আবাসভূমি হিচাপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনত পক্ষী পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্রহণ কৰিছে। উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চলখনত নিৰীক্ষণ চূড়াৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই পাণবাৰী সংৰক্ষিত বনাঞ্চল দীর্ঘ বিৰতিৰ পাছত দৰ্শকৰ বাবে পুনৰ মুকলি কৰা হ’ব।
Assamese | February 3, 2025 6:58 PM | KAZIRANGA NATIONAL PARK
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি